Sunday, July 6, 2025
Homeঅসমআধাতেই শিক্ষা সামৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব স্কুটাৰ

আধাতেই শিক্ষা সামৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব স্কুটাৰ

ডিজিটেল ডেস্ক, ১৩ডিচেম্বৰ:আধাতেই শিক্ষা সামৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব স্কুটাৰ৷ ড° বাণীকান্ত কাকতিৰ মেধা বঁটাৰ জৰিয়তে প্ৰদান কৰা হয় স্কুটাৰ৷ স্কুটাৰ পাবলৈ হ’লে HSSৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰই লাভ কৰিব লাগিব ৭৫ শতাংশ নম্বৰ৷ ছাত্ৰীৰ ক্ষেত্ৰত ধাৰ্য কৰা হৈছে ৬০ শতাংশ নম্বৰ৷ অৱশ্যে নিৰ্ধাৰিত নম্বৰ লাভ কৰিলেও শিক্ষাৰ্থীয়েই নাপাব স্কুটাৰ৷

ইয়াৰ বাবে অধ্যয়নৰত হৈ থাকিব লাগিব প্ৰতিগৰাকী শিক্ষাৰ্থী৷ অসমৰ উচ্চ শিক্ষা অনুষ্ঠানত অধ্যয়নৰত সকলেহে লাভ কৰিব এই সুবিধা৷ কোচিং চেন্টাৰ অথবা বহি:ৰাজ্যত উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে নাপাব এই সুবিধা৷ নিৰ্ধাৰিত নম্বৰ লাভ কৰাৰ পাছতো বহু শিক্ষাৰ্থীয়ে লাভ কৰা নাই স্কুটাৰ৷ ইয়াকে লৈ ৰাজ্যত সৃষ্টি হৈছিল বিতৰ্ক৷ বিতৰ্কৰ মাজতে ‘X’যোগে এই কথা প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments