ডিজিটেল ডেস্ক, anews24x7: ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বুধবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু ঘটে। সম্প্ৰতি জালুকবাৰী আৰক্ষী চকীৰ নিৰীক্ষণত সমাধিক্ষেত্ৰ বন্ধ ৰখা হৈছে। বুধবাৰে সংঘটিত হোৱা শোকাৱহ ঘটনাৰ পাছতে এই সিদ্ধান্ত।
সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল পাণ্ডুৰ এজন যুৱকৰ। পানীৰ ফোৱাৰাত স্পৰ্শ কৰি বিদ্যুৎস্পৃষ্ট হৈছিল যুৱকজন। যুৱকজনৰ মৃত্যুৰ পাছতে আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।
জানিব পৰা মতে, পৰিয়ালৰ সৈতে সমাধিক্ষেত্ৰলৈ কিশোৰজন আহিছিল। সেই সময়ছোৱাত সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ কিশোৰজন আঘাতপ্ৰাপ্ত হয়। ততাতৈয়াকৈ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়।