Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়হিন্দী ভাষা জাপি দিয়াৰ প্ৰতিবাদত তামিলনাডুত আত্মহত্যা

হিন্দী ভাষা জাপি দিয়াৰ প্ৰতিবাদত তামিলনাডুত আত্মহত্যা

ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰম পন্থা অৱলম্বন কৰিলে দক্ষিণ ভাৰতৰ এজন ব্যক্তিয়ে ৷ মাতৃভাষাৰ পৰিৱৰ্তে হিন্দী ভাষা জাপি দিয়াৰ প্ৰতিবাদত তামিলনাডুৰ এম ভি থাংগভেল নামৰ এজন কৃষকে প্ৰাণ আহুতি দিয়ে ৷নিজকে জুই লগাই আত্মহত্যা কৰে থাংগভেলে ৷

ডিএমকেৰ কৃষক শাখাৰ প্ৰাক্তন কৰ্মকৰ্তা আছিল থাংগেভেল ৷ শনিবাৰে পুৱা তামিলনাডুৰ চালেম জিলাৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ ৮৫ বছৰীয়া বৃদ্ধজনে হিন্দী ভাষা জাপি দিয়াৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰবৰ্তী সময়ত নিজৰ শৰীৰত পেট্ৰল ঢালি অগ্নি সংযোগ কৰে নিজকে ৷

এই ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে ৷ মুখ্যমন্ত্ৰী ষ্টেলিনে দলীয় কৰ্মীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে,‘‘থাংগাভেলে হিন্দী আৰোপৰ বিৰুদ্ধে নিজকে জ্বলাই দিছে বুলি জানি মই দুখ অনুভৱ কৰিছো ৷ থাজায়ুৰ থাংগেভেলুক এই ত্যাগৰ বাবে অভিবাদন জনাইছো! আহক আমি গণতান্ত্ৰিক উপায়েৰে হিন্দী জাপি দিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখোঁ- ৰাজনৈতিকভাৱে!’’

কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ডিএমকে দলে প্ৰতিবাদ অব্যাহত ৰখোৱাৰ কথা ঘোষণা কৰে ৷ সংকীৰ্ণ মনোভাৱৰ সৈতে বৈচিত্ৰ্য থকা এখন ধুনীয়া দেশ ধ্বংস নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ডিএমকে দলে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments