Wednesday, March 11, 2026
Homeৰাজনৈতিকহিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু

হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু

ডিজিটেল ডেস্ক, ANEWS24X7-: অপেক্ষাৰ অন্ত পৰিল ৷ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষণা কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম ৷ জ্যেষ্ঠ নেতা সুখবিন্দৰ সিং সুখুক হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে কংগ্ৰেছ দলে ৷ দেওবাৰে পুৱা ১১ বজাত হিমাচলৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সুখুৱে ৷ আনহাতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মুকেশ অগ্নিহোত্ৰীয়ে ৷

কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰাৰ পাছত সাংবাদিকৰ আগত সুখুৱে কয় যে, “মই ১৭ বছৰ বয়সৰ পৰাই মোৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিলো। কংগ্ৰেছ দলে মোৰ বাবে কি কৰিছে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম।”

উল্লেখ্য যে, হিমাচল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি চুখুক দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

কিন্তু বিগত বৰ্ষৰ জুলাই মাহত মৃত্যু হোৱা ৰাজ্যখনৰ ছবাৰৰ মুখ্যমন্ত্ৰী তথা হিমাচল কংগ্ৰেছৰ অবিসম্বাদী নেতা বীৰভদ্ৰ সিং পৰিয়ালৰ সৈতে সু-সম্পৰ্ক নাছিল সুখুৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments