ডিজিটেল ডেস্ক, ANEWS24X7: হিমাচলত কংগ্ৰেছে গঠন কৰিলে চৰকাৰ ৷হিমাচলত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই শাসনলৈ আহে কংগ্ৰেছ ৷ দেওবাৰে সুখবিন্দৰ সিং সুখুৱে হিমাচলৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মুকেশ অগ্নিহোত্ৰীয়ে ৷
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে , প্ৰাক্তন সভাপতি ৰাহুল গান্ধী , প্ৰিয়ংকা গান্ধী , শচীন পাইলতকে আদি কৰি কেইবাজনো ৰাষ্ট্ৰীয় নেতা ৷ উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং ৷
উল্লেখ্য যে, ৮ ডিচেম্বৰত ঘোষণা কৰা হৈছিল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । ৬৮ খন আসন থকা হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৪০ খন আসন কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰিতে বিজেপিয়ে ২৫ খন আসন আৰু অন্যান্যই লাভ কৰিছিল ৩ খন আসন।