Tuesday, July 8, 2025
Homeমনোৰঞ্জন'চুপাৰষ্টাৰ চিংগাৰ ২'ৰ বিজয়ী মহম্মদ ফৈজ

‘চুপাৰষ্টাৰ চিংগাৰ ২’ৰ বিজয়ী মহম্মদ ফৈজ

 

ডিজিটেল ডেস্ক ANEWS24X7:  দেশৰ জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব’ ‘চুপাৰষ্টাৰ চিংগাৰ ২’ৰ গ্ৰেণ্ড ফিনালে সমাপ্ত । শনিবাৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ অন্তিম পৰ্যায়ত শীৰ্ষ ছয়জন প্ৰতিযোগীৰ ভিতৰত বিজয়ীৰূপে বিবেচিত হয় ১৪ বছৰীয়া প্ৰতিযোগী মহম্মদ ফৈজ ।

‘চুপাৰষ্টাৰ চিংগাৰ ২’ৰ বিজয়ী মহম্মদ ফৈজক ১৫ লাখ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় ।

অনুষ্ঠানটোৰ বিচাৰ হিচাপে আছিল বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী হিমেশ ৰেশমিয়া, অলকা য়াগনিক আৰু জাভেদ আলীয়ে।

উল্লেখ্য যে, শীৰ্ষ ছয়জন প্ৰতিযোগীৰ ভিতৰত মহম্মদ ফৈজৰ লগতে আছিল ধৰমকোটৰ মণি, পশ্চিম বংগৰ প্ৰাঞ্জল বিশ্বাস, মোহালিৰ চৈয়শা গুপ্তা, আৰ্যানন্দ আৰ বাবু আৰু কেৰালাৰ

মহম্মদ ফৈজ ইণ্ডিয়ান আইডলৰ প্ৰাক্তন ৰানাৰ-আপ অৰুণিতা কাঞ্জিলালৰ দলত আছিল। ফৈজৰ উপৰি শীৰ্ষ ৬ৰ প্ৰতিযোগী মণিয়ে ৰানাৰ-আপ দখল কৰিবলৈ সক্ষম হয় ।ৰানাৰ-আপ মণিয়ে পুৰস্কাৰ হিচাপে ৫ লাখ টকাৰ ধনৰাশি লাভ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments