Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়ভাৰত চৰকাৰৰ সিদ্ধান্তক মোহৰ উচ্চতম ন্যায়ালয়ৰ

ভাৰত চৰকাৰৰ সিদ্ধান্তক মোহৰ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ১১ডিছেম্বৰ: ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক শুদ্ধ আখ্যা উচ্চতম ন্যায়ালয়ৰ। ভাৰত চৰকাৰৰ সিদ্ধান্তক মোহৰ উচ্চতম ন্যায়ালয়ৰ। অনুচ্ছেদ ৩৭০ আছিল অস্থায়ী : উচ্চতম ন্যায়ালয়। ‘অনুচ্ছেদ ৩৭০ খাৰিজ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে’।

উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ চূড়ান্ত ৰায়দান। ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ। জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা শীঘ্ৰেই দিয়াৰ নিৰ্দেশ SCৰ

মহামান্য উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক বাহাল ৰাখে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে জম্মু-কাশ্মীৰৰ দ্বিখণ্ডিতকৰণক বৈধতা প্ৰদান কৰে। জম্মু-কাশ্মীৰক সুকীয়া ৰাজ্যিক মৰ্যাদা প্ৰদানৰ লগতে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নির্বাচন অনুষ্ঠিত কৰি অতি সোনকালে ৰাজ্যৰ মৰ্যাদা দিয়াৰ বাবে নিৰ্দেশ দিয়ে।

সংবিধানৰ ১ নং অনুচ্ছেদ আৰু ৩৭০ নং অনুচ্ছেদৰ পৰা স্পষ্ট যে জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। জম্মু-কাশ্মীৰৰ সংবিধান ভাৰতৰ সংবিধানৰ অধীন আৰু ইয়াৰ সুকীয়া সাৰ্বভৌমত্ব নাছিল। যিহেতু অনুচ্ছেদ ৩৭০ সাময়িক ব্যৱস্থা আছিল। গতিকে এতিয়া এই অনুচ্ছেদ বাতিল কৰা হৈছে। এতিয়াৰে পৰা জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানহে বলৱৎ হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments