ডিজিটেল ডেস্ক, ANEWS24X7: উচ্চতম ন্যায়ালয়ত মুছলমান যুৱতী বিবাহ সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল ৷ দেশৰ মুছলমান মহিলাসকলৰ বাবে বিবাহৰ নিম্নতম বয়স ১৮ বছৰ হ’ব লাগে বুলি ৰাষ্ট্ৰীয় মহিলা আয়োগে আবেদন দাখিল কৰিছে ৷ শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰে ৷
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰৰ সঁহাৰি বিচাৰি জাননী জাৰি কৰিছে ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ হৈ অধিবক্তা গীতা লুথেৰা, অধিবক্তা শিবানী লুথেৰা আৰু অস্মিতা নাৰুলাই গোচৰ দাখিল কৰিছে ৷ মহিলা আয়োগে কয় যে , ‘‘পিআইএলখন নাবালিকা মুছলমান মহিলাসকলৰ মৌলিক অধিকাৰ প্ৰয়োগৰ বাবে দাখিল কৰা হৈছে ৷ যাতে ‘ইছলামিক ব্যক্তিগত আইন’ক আন ধৰ্মৰ বাবে প্ৰযোজ্য শাস্তিমূলক আইনৰ সৈতে সংগতি ৰাখিব পাৰি ৷’’
উল্লেখ্য যে দেশৰ বিবাহ নিয়ম অনুসৰি বিবাহৰ বাবে নিম্নতম বয়স ছোৱালীৰ বাবে ১৮ বছৰ আৰু পুৰুষৰ বাবে ২১ বছৰ ৷অৱশ্যে মুছলমানসকলৰ বাবে বিবাহৰ নিম্নতম বয়স পৃথক ৷ মুছলমান মহিলাৰ বিবাহৰ বাবে নিম্নতম বয়স ১৫ বছৰ ৷
