ডিজিটেল ডেস্ক, ANEWS24X7: বিমুদ্ৰাকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷ ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰা সিদ্ধান্ত সন্দৰ্ভত ৰায় উচ্চতম ন্যায়ালয়ৰ ৷ উচ্চতম ন্যায়ালয়ৰ পাঁচগৰাকী ন্যায়াধীশৰ সাংবিধানপীঠে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন খাৰিজ কৰে ৷
উচ্চতম ন্যায়ালয়ে কয় যে ,‘‘২০১৬ ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫০০ আৰু ১০০০ টকয়া নোট নিষিদ্ধ কৰাৰ সিদ্ধান্ত কাৰ্যপালিকাৰ আৰ্থিক নীতিৰ অংশ ৷ বিমুদ্ৰাকৰণৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ মাজত আলাপ-আলোচনা হৈছিল ৷ এয়া কেন্দ্ৰৰ একপক্ষীয় সিদ্ধান্ত নাছিল ৷’’
উচ্চতম ন্যায়ালয়ে লগতে কয় যে , ‘‘ ৰিজাৰ্ভ বেংকৰ ওচৰত বিমুদ্ৰাকৰণ দৰে বৃহৎ সিদ্ধান্ত লোৱাৰ দৰে স্বতন্ত্ৰ ক্ষমতা নাথাকে ৷ এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত থাকে ৷ কেন্দ্ৰীয় বেংকে এই বিষয়ে চৰকাৰক নিজা পৰামৰ্শ দিব পাৰে ৷’’
এই সাংবিধানপীঠে খনত আছিল ন্যায়াধীশ এছ এ নাজিৰৰ অধ্যক্ষ ৷ সংবিধান পীঠখনত আছিল ন্যায়াধীশ বি আৰ গৱাই , এ এছ বোপন্না , ভি ৰামাসুব্ৰমণিয়ম আৰু বি ভি নাগৰত্ন ৷ বিমুদ্ৰাকৰণৰ পক্ষত ৫ জনীয়া বিচাৰপীঠৰ ৪ ন্যায়াধীশে ৰায় প্ৰদান কৰে ৷ এই ৰায়ত ন্যায়াধীশ বি ভি নাগাৰত্নই অসন্মতিপূৰ্ণ সিদ্ধান্ত দিয়ে ৷ উচ্চতম ন্যায়ালয়ে ৪:১ অনুপাতত বিমুদ্ৰাকৰণৰ পক্ষত ৰায় প্ৰদান কৰে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰি ৫০০ আৰু ১০০ টকীয়া নোট নিষিদ্ধ কৰাৰ ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে দেশত একপ্ৰকাৰে আলোড়নৰ সৃষ্ঠি হৈছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত ৫৮খন আবেদন দাখিল কৰা হৈছিল ৷
