ডিজিটেল ডেস্ক ANEWS24X7: সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাওঁহাতৰ বেটছমেন সুৰেশ ৰাইনাই । দুবছৰৰ আগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ক্ৰিকেটাৰ গৰাকীয়ে এইবাৰ আইপিএল আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা । এক টুইটযোগে এই কথা ঘোষণা কৰে সুৰেশ ৰাইনাই ।
২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰাইনাই মঙলবাৰে এক টুইট কৰি কয় যে , ‘‘দেশ আৰু মোৰ ৰাজ্য উত্তৰ প্ৰদেশৰ হৈ খেলিবলৈ পোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো । মই এতিয়া সকলোধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছো । মই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড , উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থা , চেন্নই চুপাৰ কিংছ আৰু ৰাজীৱ শুক্লাক ধন্যবাদ জনাইছো ৷ লগতে মোৰ অনুৰাগী সকলে মোক সমৰ্থন আৰু বিশ্বাস ৰখোৱাৰ বাবে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছো ।’’