ডিজিটেল ডেস্ক, ANEWS24X7: সুশান্ত সিঙক “হত্যা” কৰা হ’ল! মৃত্যুৰ ২৮ মাহৰ পাছত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা ব্যক্তিজনে এতিয়া দাবী কৰিছে যে বলীউডৰ অভিনেতাগৰাকীয়ে মৃত্যুৰ কাৰণ আত্মহত্যা নাছিল, বৰঞ্চ তেওঁক হত্যা কৰা হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুশান্তৰ মৰণোত্তৰ পৰীক্ষা কৰা ৰূপকুমাৰ শ্বাহে এই দাবী উত্থাপন কৰি কয় যে অভিনেতাজনৰ শৰীৰ আৰু ডিঙিত কেইবাটাও চিন আছে।তেওঁ সেই বিষয়ে কৰ্তৃপক্ষক অৱগত কৰিছিল।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত শ্বাহে প্ৰকাশ কৰে “সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়ত মুঠ পাঁচটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আমাৰ কুপাৰ হস্পিতাললৈ আহিছিল।” পাঁচটা মৃতদেহৰ ভিতৰত এটা মৃতদেহ ভিআইপিৰ আছিল। মৰণোত্তৰ পৰীক্ষাৰ কামৰ সময়ত গম পালোঁ যে তেওঁ সুশান্ত সিং ৰাজপুত। তেওঁৰ শৰীৰত একাধিক দাগ আৰু ডিঙিত দুটাৰ পৰা তিনিটা দাগ আছিল। মৰণোত্তৰ পৰীক্ষা ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ প্ৰয়োজন আছিল। কিন্তু উচ্চ কৰ্তৃপক্ষই কেৱল মৃতদেহটোৰ ফটো তুলিবলৈহে অনুৰোধ কৰিছিল। তেওঁলোকৰ নিৰ্দেশ অনুযায়ী কৰিলো।
কেৱল এয়াই নহয়, মৰণোত্তৰ পৰীক্ষা কৰা ব্যক্তিজনেও অভিযোগ কৰে যে সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে বুলি কৰ্তৃপক্ষক জনোৱাৰ পিছতো তেওঁক ‘নিয়ম অনুসৰি’ কাম কৰিবলৈ কোৱা হৈছিল। শ্বাহে কয়, ‘যেতিয়া মই প্ৰথমবাৰৰ বাবে সুশান্তৰ মৃতদেহ দেখিছিলোঁ, তেতিয়াই মই মোৰ ঊৰ্ধ্বতন বিষয়াক জনাইছিলোঁ মোৰ ভাব যে ই আত্মহত্যা নহয়, হত্যাহে। আনকি মই তেওঁক ক’লোঁ যে আমি নিয়ম অনুসৰি কাম কৰিব লাগে। অৱশ্যে মোৰ ছিনিয়ৰ সকলে মোক কৈছে যে যিমান পাৰি সোনকালে ছবি ক্লিক কৰি মৃতদেহটো পুলিচৰ হাতত তুলি দিব। সেয়েহে আমি ৰাতি নিজেই মৰণোত্তৰ পৰীক্ষা কৰিলোঁ।”
উল্লেখ্য যে, বান্দ্ৰাৰ এপাৰ্টমেণ্টত ২০২০ চনৰ ১৪ জুনত মৃত অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুত। ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তক আত্মহত্যা কৰাত সহযোগিতা কৰাৰ লগতে তেওঁৰ সম্পত্তিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ‘মেৰে ডেড কি মাৰুতি’ আৰু ‘জ্যলেবী’ৰ দৰে ছবিত কাম কৰা ৰিয়াই (২৯) সুশান্তৰ মৃত্যুৰ বাবে দায়ী ড্ৰাগছ সৰবৰাহৰ গোচৰত ২৮ দিন কাৰাগাৰত থাকিব লগা হৈছিল।