ডিজিটেল ডেস্ক, ১৯ অক্টোবৰ: অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ জামিন নাকচ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন ৷ ASPগৰাকীৰ বিৰুদ্ধে অভিযোগ আছিল বনকৰা মহিলাক অকথ্য নিৰ্যাতনৰ৷
উল্লেখ্য যে, চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) শুভলক্ষ্মী দত্তই তেওঁৰ ঘৰত বনকৰা এগৰাকী কিশোৰীৰ শৰীৰত গৰম পানী ধালি অত্যাচাৰ চলোৱাৰ জঘন্য ঘটনা পোহৰলৈ আহিছিল ৷
এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাই এতিয়া আৰক্ষীৰ গৃহতে মহিলা সুৰক্ষিত নোহোৱাৰ প্ৰশ্ন উত্থাপন হৈছিল।