ডিজিটেল ডেস্ক, ANEWS24X7: চুইজাৰলেণ্ডে গঢ়িলে এক নতুন অভিলেখ ৷ চুইছ ৰে’লৱেৰ ১৭৫ তম বাৰ্ষিকী উপলক্ষে চুইজাৰলেণ্ড এটা ৰে’ল কোম্পানীয়ে দীঘলীয়া যাত্ৰীবাহী ৰে’ল চলাই গঢ়িছে অভিলেখ ৷
এই যাত্ৰীবাহী ৰে’লখনত ১০০ টা ডবা আছে আৰু ইয়াৰ দৈৰ্ঘ্য ১.৯ কিলোমিটাৰ ৷ ৰে’লখনে আল্পছ পৰ্বতমালাৰ ওপৰেৰে ২৫ কিলোমিটাৰ দৈৰ্ঘৰ পথ ভ্ৰমণ কৰিছিল ৷
বিশ্ব অভিলেখ গঢ়া এই যাত্ৰীবাহী ৰে’লখনত মুঠ ৪,৫০০ খন আসন আৰু ৭ জন চালক আছিল ৷