ডিজিটেল ডেস্ক, ANEWS24X7: T20 বিশ্বকাপৰ আজি এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে ৫ ৰানৰ ব্যৱধানত বাংলাদেশক পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ Adelaide Oval ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৮৪ ৰান সংগ্ৰহ কৰে ৷ ইয়াৰ বিপৰিতে বাংলাদেশে অন্তিম অভাৰলৈ খেলি ৬ টা উইকেটৰ বিনিময়ত ১৪৫ ৰান সংগ্ৰহ কৰেে ৷
বাংলাদেশে ৭ অভাৰত কোনো উইকেট নেহেৰুলাকৈ ৬৬ ৰান সংগ্ৰহ কৰাৰ সময়তে বৰষুণৰ ফলত কিছু সময়ৰ বাবে খেল স্থগিত ৰাখিব লগীয়া হৈছিল ৷ পৰবৰ্তী সময়ত খেলখন ১৬ অভাৰলৈ হ্ৰাস কৰি বাংলাদেশক ১৫১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷
ভাৰতৰ হৈ বিৰাট কোহলীয়ে ৬৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰু কে এল ৰাহুলে ৫০ ৰান সংগ্ৰহ কৰে ৷ উল্লেখযোগ্য যে এই বিজয়ৰ পাছতে ভাৰতে ৪ খন মেচত ৬ পইন্ট অৰ্জন কৰি গ্ৰুপ ২ৰ পইন্ট তালিকাত শীৰ্ষ স্থানত উপনীত হৈছে ।