ডিজিটেল ডেস্ক, A NEWS 24×7 : পৃথিৱীৰ সাতটা আশ্বৰ্যৰ ভিতৰত অন্যতম আগ্ৰাস্থিত তাজমহল। মোগল সম্ৰাট চাহজাহান তেওঁৰ পত্নী মমতাজৰ স্মৃতি সজীব কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল স্মৃতি সৌধটো। প্ৰেমৰ প্ৰতীক হিচাপেও গণ্য কৰা হয় তাজমহলক।
কিন্তু, সম্প্ৰতি সম্পত্তি কৰ আৰু পানীৰ বিলৰ বাবে চৰ্চাত আহিছে তাজমহল। আগ্ৰা পৌৰ নিগমে তাজমহলৰ সম্পত্তি কৰ আৰু পানীৰ বিল পৰিশোধ কৰিবৰ বাবে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপক জাননী প্ৰেৰণ কৰিছে।
জানিব পৰা মতে, তাজমহলৰ প্ৰায় ১ কোটি টকা জলকৰ আৰু প্ৰায় ১.৪০ লাখ সম্পত্তি কৰ হিচাপে দিবলৈ কৈছে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ আগ্ৰা চক্ৰক।