ডিজিটেল ডেস্ক, anews24x7: তামিলনাডুৰ কন্যাকুমাৰীত ২ জুনত ওড়িশাত দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’ল দুৰ্ঘটনাত ২৮৮ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে ১১০০ৰো অধিক লোক আহত হোৱাৰ ভুৱা বাতৰি বিয়পি পৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে এজন অধিবক্তা।
অধিবক্তা সেনথিল কুমাৰে এটা টুইট কৰি দাবী কৰিছিল যে বাহানাগা বজাৰ ষ্টেচনৰ ষ্টেচন মাষ্টাৰ মহম্মদ শ্বেৰিফ আহমেদ দুৰ্ঘটনাৰ পিছত মাটিৰ তললৈ গৈছিল। আহমেদৰ বিৰুদ্ধে ব্যৱস্থা বিচাৰিছিল কুমাৰে।অৱশ্যে খবৰ অনুসৰি মহম্মদ শ্বেৰিফ আহমেদ নামৰ কোনো লোকে ৰেল ষ্টেচনত কাম কৰা নাছিল।
দ্ৰাবিড় মুনেত্ৰ কাঝাগামৰ এজন সদস্যৰ এজাহাৰৰ ভিত্তিত কন্যাকুমাৰী জিলাৰ থুকালে আৰক্ষীয়ে ধৰ্মীয় ঘৃণা উচটনি দিবলৈ চেষ্টা কৰা সেনথিল কুমাৰক গ্ৰেপ্তাৰ কৰে।