ডিজিটেল ডেস্ক, ১৬মে’: চিৰাঙৰ কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ অভিযোগত পুনৰ এজন চৰকাৰী শিক্ষকক নিলম্বন ।
নিলম্বিত শিক্ষক গৰাকী হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ ভূৰপাৰ বালাবাৰী এল,পি, স্কুলৰ সহকাৰী শিক্ষক অশোক কুমাৰ ব্ৰহ্ম ।
নিলম্বিত শিক্ষক অশোক কুমাৰ ব্ৰহ্মৰ বিৰুদ্ধে ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা বুলি যোৱা ৬ মে তাৰিখে বিপিএফ দলৰ পৰা ফটো প্ৰমাণ সহ চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।
উক্ত অভিযোগৰ ভিত্তিত চিৰাঙৰ জিলা নিৰ্বাচনী বিষয়াই দুজনীয়া তদন্ত সমিতি গঠন কৰি তদন্তৰ ঘোষনা কৰিছিল ।
চিদলী ৰাজহচক্ৰ বিষয়া আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যুটীয়া তদন্ত আৰু প্ৰতিবেদন ওপৰত ভিত্তি কৰি ১৫ মে তাৰিখে জিলা নিৰ্বাচনী বিষয়া পি, বিজয় ভাস্কৰ ৰেড্ডীয়ে শিক্ষক অশোক কুমাৰ ব্ৰহ্মক নিলম্বন কৰে ।