ডিজিটেল ডেস্ক, A NEWS 24×7 : পিঠিৰ আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক তিনিখন এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল টিম ইণ্ডিয়াৰ বেটছমেন শ্ৰেয়াছ আয়াৰ।
ইফালে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে বেটছমেন শ্ৰেয়াছ আয়াৰ সলনি নিযুক্তি দিছে ৰজত পাটিদাৰক। বুধবাৰে হায়দৰাবাদত অনুষ্ঠিত হ’ব ভাৰতৰ প্ৰথমখন এদিনীয়া মেচ নিউজিলেণ্ডৰ বিৰুদ্ধে।
নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াৰ বাবে ভাৰতৰ দলৰ খেলুৱৈসকল : ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল, ঈশান কিষাণ , বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, কে এছ ভাৰত , হাৰ্দিক পাণ্ডিয়া , ৰজত পাটিদাৰ, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, শাৰদুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ম. ছামি, মহম্মদ ড. ছিৰাজ, উমৰাণ মালিক।