Wednesday, March 11, 2026
Homeঅসমঅচিন ৰোগত কিশোৰৰ মৃত্যু

অচিন ৰোগত কিশোৰৰ মৃত্যু

ডিজিটেল ডেস্ক, ANEWS24X7: চতিয়াত অচিন ৰোগত আক্ৰান্ত হৈ এজন কিশোৰৰ মৃত্যু ৷ মৃত্যু হোৱা ছাত্ৰজনৰ ঘৰ চতিয়াৰ শ’লাল গাৱঁত ৷ মৌচম দাস নামৰ ১৪ বছৰীয়া ছাত্ৰজনৰ দেহত কালিৰ পৰা দেখা দিছিল বসন্ত সদৃশ ৰোগে ৷ চতিয়াৰ ভাস্কৰজ্যোতি বিদ্যালয়ৰ ছাত্ৰ আছিল মৌচম দাস।

বিদ্যালয়ত অসুস্থ হৈ গাটো ৰঙচুৱা হৈ পৰাৰ লগে লগে শিক্ষকে ঘৰলৈ পঠাই দিলে ছাত্ৰজনক ৷ ২৭ মেত স্বাস্থ্যৰ অৱনতি ঘটাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় কিশোৰজনক ৷ কিশোৰগৰাকীৰ শৰীৰ নীলা হৈ পৰাত চিকিৎসকে  ততাতৈয়াকৈ তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰন কৰে ৷  শনিবাৰে পুৱা তেজপুৰ মেডিকেল কলেজত মৃত্যু হয় মৌচমৰ ৷

মৌচমৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে বিহালীত একে লক্ষণৰ ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ তিনি গৰাকী বাই-ভনীৰ মৃত্যু হৈছে ৷ বিহালীৰ পিছত চতিয়াত অচিন ৰোগে দেখা দিয়াত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিষয়টোলৈ কোনো তথ্য প্ৰকাশ কৰা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments