ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যৰ বিদ্যুতৰ গ্ৰাহক সকললৈ সাময়িক সকাহ ৷ মাৰ্চৰ পূৰ্বে বৃদ্ধি নহয় বিদ্যুৎ মাচুল ৷ সকলো পক্ষৰ মতামত গ্ৰহণ কৰাৰ পিছতহে বিদ্যুৎ নিয়ামক আয়োগে দিব সিদ্ধান্ত ৷
এই সন্দৰ্ভত অহা ২২ জানুৱাৰীলৈকে ৰাইজ , দল-সংগঠন, প্ৰতিষ্ঠান সমূহে অনলাইনযোগে অভিযোগ দাখিল কৰিব পাৰিব । সদ্যহতে কাৰ্যকৰী কৰা হোৱা নাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ ৷
সকলো পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছতহে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ এই সন্দৰ্ভত মাৰ্চ মাহৰ প্ৰথম সপ্তাহত বিদ্যুৎ নিয়ামক আয়োগৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷
