Tuesday, July 8, 2025
Homeঅসমৰণক্ষেত্ৰত পৰিণত আৰক্ষী চকী

ৰণক্ষেত্ৰত পৰিণত আৰক্ষী চকী

ডিজিটেল ডেস্ক, ২৩মে’: আৰ্ছভ আলীৰ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰে খেলমাটি থানা চৌহদ। শ শ লোকে আহি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰ্ছভৰ মৃত্যুৰ ন্যায় বিচাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে। খেলমাটি আৰক্ষী চকীৰ ভিতৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল এজন আচামীৰ।

মৃত আচামীজন লখিমপুৰৰ পশ্চিম চান্দমাৰিৰ আৰ্ছভ আলী। চুৰি ম’বাইল কিনাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল আৰ্ছভক। আৰক্ষীৰ মতে, থানাৰ ভিতৰতে হঠাৎ অসুস্থ হৈ মজিয়াত বাগৰি পৰি আৰ্ছভ আলীৰ মৃত্যু হয়।পৰিয়ালৰ অভিযোগ, আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে আৰ্ছভৰ। আৰ্ছভ আলীৰ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰে খেলমাটি থানা চৌহদ। শ শ লোকে আহি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰ্ছভ মৃত্যুৰ ন্যায় বিচাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে।এই ঘটনাৰ পিছতে ডিজিপি জি পি সিঙৰ ঘোষণা। নিলম্বন কৰা হৈছে। খেলমাটি থানাৰ ICৰ লগতে কৰ্তব্যৰত আৰক্ষীক। বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ জৰিয়তে স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ।  আইন অনুসৰি তদন্ত কৰা হ’ব এই ঘটনাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments