Wednesday, March 11, 2026
Homeঅসমশিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

ডিজিটেল ডেস্ক, anews24x7: শিশু মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ব্যাপক উত্তেজনা সৃষ্টি হৈছে । পুৱাৰ ভাগত মৃত শিশুৰ জন্ম হৈছে বুলি শুনি ৰোগীৰ আত্মীয় চিকিৎসালয়ৰ ভিতৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। চিকিৎসালয়খনত ৰাতিৰ পৰা এজনো চিকিৎসক নথকাৰ বাবে নাৰ্চে প্ৰসব কৰোৱাত এনে ঘটনা সংঘটিত হৈছে বুলি প্ৰসূতিৰ আত্মীয়ৰ অভিযোগ।

শুকুৰবাৰে নিশা ১২টামান বজাত নিউ কৰিমগঞ্জৰ বাকৰশ্বাল এলাকাৰ ছামছুন নেহাৰ নামৰ প্ৰসুতি ৰোগীজনক চিকিৎসালয়ত লৈ আহিলে পোৱালৈকে এজনো চিকিৎসক নাছিল বুলি অভিযোগ।  ঘটনাৰ খবৰ পাই উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

পিছে উপস্থিত হয় জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ADC সহ যুগ্ম সঞ্চালক সকলো। তেঁওলোকে এখন তদন্ত কমিটি বনাই ৭দিনক ভিতৰত ঘটনাৰ সকলো তথ্য উদ্ঘাটনৰ নিৰ্দেশ দিয়ে।

বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ঘটনাৰ তীব্ৰ গৰিহণা দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments