ডিজিটেল ডেস্ক, anews24x7:পুনৰ লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা ৷অসমৰ বনাঞ্চল ধ্বংস কৰি থাকোতে বাধা অসমৰ আৰক্ষী, বন বিভাগৰ। বাধা দিবলৈ যোৱা বনবিভাগ আৰু আৰক্ষীক দলটোক খেদি আহিল অৰুণাচলী।
হাতে-হাতে বন্দুক, দা-লাঠী লৈ খেদিলে অসমৰ টহলদাৰী দলটোক।প্ৰাণৰক্ষা কৰি কোনোমতে পলাই আহিল অসমৰ দলটো।লখিমপুৰৰ DFO, এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা দলটোক খেদিলে অৰুণাচলী দুৰ্বৃত্তই।ৰামপুৰৰ ২নং বেল’বস্তি জুটুলী বাগানত সংঘটিত হৈছে এই ঘটনা।
পূৰ্বেও একেস্থানত অসমৰ বনবিভাগক উদ্দেশ্যি গুলীচালনা কৰিছিল অৰুণাচলীয়ে। ইয়াৰ কিছু দিনৰ পুৰ্বেও এই স্থানতে অসমৰ বনবিভাগক লক্ষ্যকৰি গুলিয়াইছিল ৷ গুৰুত্ব নাই অসম চৰকাৰৰ ৷