নিশা টীয়কত বিহু দলৰ বাহন দুৰ্ঘটনাত পতিত
দুৰ্ঘটনাৰৰ ফলত ৯ জন আঘাতপ্ৰাপ্ত
নিৰ্বাচনৰ প্ৰচাৰ বাদ দি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে অসম গণ পৰিষদৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে
টীয়কৰ পৰা মানৱজ্যোতি বৰদলৈ:
ৰঙালী বিহুৰ আনন্দ উন্মাদনাৰ মাজতে টীয়কত নিশা এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। টীয়কৰ লেংডন জাঁজীপৰীয়া হুঁচৰি দলৰ এখন বাহন এল চি আৰ পথৰ কাষত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনাটো।দূৰ্ঘটনাত গুৰুতৰভাবে আহত হয় ৯ জনকৈ বিহুৱা আৰু বিহুৱতী।আঘাতপ্ৰাপ্ত সকলক প্ৰথমে ভগামুখ চিকিৎসালয় তাৰ পাছত টীয়ক fru ত প্ৰাথমিক চিকিৎসা কৰা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে টীয়ক fru ৰ চিকিৎসকে যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।উল্লেখ্য এই যে দূৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাছতে উক্ত স্থানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী ক্ৰমে অসম গণ পৰিষদৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ভাস্কৰ ৰৌমূৰীয়া আৰু বিজেপি দলৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী সীমান্ত বৰুৱা উপস্থিত হৈ ততাতৈয়াকৈ আঘাতপ্ৰাপ্তক উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে।নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি আঘাতপ্ৰাপ্ত সকলক উন্নত চিকিৎসা প্ৰদান ক্ষেত্ৰত দুয়োজন প্ৰাৰ্থীয়ে যি মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে তাক অশেষ ধন্যবাদ প্ৰদান কৰিছে বিহু দলটিৰ সদস্য সকলে।