Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়ভয়ংকৰ দুৰ্ঘটনা, দলং খহি নিহত ১০০ ৰো অধিক লোক

ভয়ংকৰ দুৰ্ঘটনা, দলং খহি নিহত ১০০ ৰো অধিক লোক

ডিজিটেল ডেস্ক, ANEWS24X7: ছট্ পূজাৰ দিনাখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটত শোকাৱহ দুৰ্ঘটনা ৷ ছট পূজাৰ সময়ত গুজৰাটৰ মোৰবীৰ মচ্ছু নদীৰ ওপৰত থকা ওলমা দলং খহি পৰে ৷দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত দলংখনত অগণন ভক্তয় ভিৰ কৰিছিল ৷ দুৰ্ঘটনাটোৰ ফলত বহু লোক নদীত পৰি যায় ৷

এই দুৰ্ঘটনাৰ ফলত বৰ্তমানলৈকে ৯১ জন লোকৰ মৃত্যু হৈছে ৷ মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ বৰ্তমানেও ১৫০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে ৷ উদ্ধাৰকাৰী দলে বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

বিগত ৭ মাহ ধৰি মেৰামতিৰ কাম থকা দলংখন তিনিদিনৰ পূৰ্বে যাতায়তৰ বাবে মুকলকৰি দিয়া হৈছিল ৷ মেৰামতিৰ নিবিদা লাভ কৰা কোম্পানীটোৱে আগন্তুক ৫ বছৰৰ বাবে মেৰামতি কৰিব নালাগে বুলি দাবী কৰিছিল ৷ এনে স্থলত মুকলি কৰিদিয়াৰ এসপ্তাহ নহওতে কেনেকৈ খহি পৰিল তাকলৈ প্ৰশ্নৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান তিনিদিনীয়া গুজৰাট ভ্ৰমণত আছে। প্রধানমন্ত্ৰী মোডীয়ে দুৰ্ঘটনাটোৰ বিষয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ৰজনীকান্ত পেটেলৰ সৈতে আলোচনা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ৰজনীকান্ত পেটেলক উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments