ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন৷হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰকী পৰ্বতাৰোহী৷মঙলবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা৷হিমস্খলনৰ ফলত কেইবাজনো পৰ্বতাৰোহী মৃত্যু হোৱাৰ আশংকা কৰিছে ৷ ঘটনাস্থলিত সেনা,ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী আৰু এনডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷
উত্তৰাখণ্ড আৰক্ষীৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি হিমস্খলনৰ ফলত ২৯ জন পৰ্বতাৰোহী আৱদ্ধ হৈ আছে ৷ বায়ু সেনাৰ হেলিকপ্টাৰে ইতিমধ্যে আঠজন লোকক উদ্ধাৰ কৰিছে। এই প্ৰতিবেদন অনুসৰি কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ৷
উত্তৰাখণ্ড আৰক্ষীৰ তথ্য অনুসৰি গাড়ৱাল হিমালয়ৰ ‘দ্ৰৌপদী কা দণ্ড’ শৃংগৰ ওচৰত হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল৷ হিমস্খলনত আৱদ্ধ হৈ থকা পৰ্বতাৰোহী সকল উত্তৰাখণ্ড পৰ্বতাৰোহণ প্ৰশিক্ষণ কেন্দ্ৰ নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিংৰ ছাত্ৰ ৷
উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে ঘটনা সন্দৰ্ভত কয় যে ,‘‘প্ৰায় ১৬,০০০ ফুট উচ্চতাত মঙলবাৰে পুৱা ৯ বজাত সংঘটিত হৈছে এই ঘটনা ৷ উদ্ধাৰকাৰী দলে আঠজন পৰ্বতাৰোহীক উদ্ধাৰ কৰি ১৩,০০০ ফুট উচ্চতাত থকা এটা হেলিপেডলৈ নমাই অনা হৈছে ৷ তাৰ পৰা তেওঁলোকক হেলিকপ্টাৰেৰে ডেৰাডুনলৈ অনা হৈছে ৷পৰ্বতাৰোহী সকলৰ সন্ধান চলি আছে ৷’’