ডিজিটেল ডেস্ক, ANEWS24X7: বিবাহথলীত ভয়ংকৰ দুৰ্ঘটনা ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দুটি শিশুসহ চাৰিগৰাকী লোক নিহত হৈছে ৷ ইয়াৰ ওপৰিও বিস্ফোৰণটোত প্ৰায় ৬০ গৰাকী নিমন্ত্ৰীত অতিথি আহত হৈছে ৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ যোধপুৰৰ এখন বিবাহস্থলীত ৷
বিয়াৰ আহাৰ ৰান্ধি থকা অৱস্থাত পাঁচটাকৈ চিলিণ্ডাৰৰ গেছ লিক হৈ এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিবাহথলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিস্ফোৰণৰ ফলত বিয়া মণ্ডপত অগ্নিৰ সুত্ৰপাত হয় ৷ বিস্ফোৰণৰ সময়ত বিবাহথলীত বহু লোক খাদ্য গ্ৰহণ কৰি আছিল ৷
দুৰ্ঘটনাটো ১২ গৰাকী লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। বিস্ফোৰণত বিবাহত বহিবলগীয়া দৰাগৰাকীও কিছু পৰিমাণে আহত হয়। আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ স্থানীয় বিধায়িকা মীনা কানৱাৰ চিকিৎসালয়ত উপস্থিত হয়।
জিলা উপায়ুক্ত হিমাংগু গুপ্তা আৰু গ্ৰাম্য আৰক্ষী অধীক্ষক অনিল কায়াল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত হিমাংগু গুপ্তাই কয় যে ,‘‘এয়া অত্যন্ত ভয়াৱহ দুৰ্ঘটনা। আহত ৬০ গৰাকীৰ ভিতৰত ৪২ গৰাকীক এম জি এইচ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ চিকিৎসা চলাই থকা আছে।”