ডিজিটেল ডেস্ক, ANEWS24X7: থাইলেণ্ডত পুনৰ গণহত্যা । বৃহস্পতিবাৰে থাইলেণ্ডৰ প্ৰি-স্কুল চাইল্ড ডে কেয়াৰ চেন্টাৰত সংঘটিত হৈছে এই ভয়ংকৰ গুলিচালনাৰ ঘটনাটো । এই ঘটনাটোৰ ফলত ২২ টা শিশু সহ মুঠ ৩৪ জন লোক নিহত হৈছে ।লগতে আন কেইবাজনো লোক আহত হৈছে । গণহত্যাটো সংঘটিত কৰি আত্মহত্যা কৰে বন্দুকধাৰীজনে ।
থাইলেণ্ড আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি বন্দুকধাৰী ব্যক্তিজন অলপতে বৰ্খাস্ত হোৱা এজন আৰক্ষী বিষয়া ।বৰ্খাস্ত হোৱা আৰক্ষী বিষয়াজনে শিশু আৰু প্ৰাপ্তবয়স্ক লোক সকলক লক্ষ্য কৰি গুলিচালনা কৰিছিল ।সম্প্ৰতি এই ঘটনাকলৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ আতংকৰ । সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে আক্ৰমণৰ দৃশ্য । বৰ্তমানলৈকে এই আক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে থাইলেণ্ডত গণহত্যাৰ ঘটনা এইটোৱে প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ২০২০ চনত দেশখনত এজন সেনা জোৱানৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত কেইবাজনো লোক নিহত হৈছিল । দুবছৰৰ পিছত সংঘটিত হোৱা এই ঘটনাই পূৰ্বৰ সেই ভয়াবহ দৃশ্যৰ স্মৃতি পুনৰ ঘূৰাই আনিছে । সৰ্বত্ৰে এই ঘটনাৰ তীব্ৰ ধিক্কাৰ দিছে ।