ডিজিটেল ডেস্ক, ANEWS24X7: নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা । দেওবাৰে পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন ৭২ খন আসনযুক্ত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত ৬৮ জন যাত্ৰী আৰু ৪ জন কৰ্মচাৰী আছিল ।
দুৰ্ঘটনাটোৰ পিছতে বিমানখনত অগ্নিৰ সূত্ৰপাত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান । বিমানখন পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল ।
উৰণৰ ২০ মিনিটৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন । কাস্কি জিলাৰ ওপৰত খহি পৰে বিমানখন । বৰ্তমানলৈকে বিমানখন কি কাৰণে দুৰ্ঘটনাত পতিত হ’ল ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই । বিমান সেৱাৰ মুখপাত্ৰ ,সুদৰ্শন বৰত্যলাই কয় যে,‘‘ মই নাজানো বিমানখন কিয় দুৰ্ঘটনাগ্ৰস্থ হৈছিল ৷
সঠিককৈ দুৰ্ঘটনাটোৰ ফলত কিমানজন লোক আহত বা নিহত হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা লগে লগে বিমানখনত জুই লাগিছিল ৷ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ জুই নুমুৱাৰ কাম চলি আছে ৷’’স্থানীয় সূত্ৰৰ খবৰ অনুসৰি দুৰ্ঘটনাটোৰ ফলত কোনো লোক জীয়াই থকাৰ আশা কম ৷ দুৰ্ঘটনাটোত মুঠ ৭২ জন লোকৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে ৷