ডিজিটেল ডেস্ক, ANEWS24X7: নিশা নগাঁৱৰ চকৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকৰ খুন্দাত মৃত্যু ৩যুৱকৰ। একেখন স্কুটীতে আহিছিল তিনিজনকৈ যুৱক।
ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। আৰক্ষীৰ বাহনত আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে। যানবাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন ফুকনো আহত উত্তেজিত লোকৰ আক্ৰমণত।
AS02 U 6730 নম্বৰৰ স্কুটীখনে খুন্দা মাৰে AS01 MC 0787 নম্বৰৰ ট্ৰাকখনকনিহত যুৱক কেইজন হৈছে বিক্ৰম দাস,মাধুৰ্য দাস আৰু পংকজ দাস। তিনিওৰে ঘৰ নগাঁৱৰ ডিমৰুগুৰিত।