Thursday, March 12, 2026
Homeৰাষ্ট্ৰীয়আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ

আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ

ডিজিটেল ডেস্ক, ANEWS24X7: নিশা পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানা এক বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণত কঁপি উঠে পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানা ৷ আৰক্ষী সূত্ৰৰ খৱৰ অনুসৰি, উগ্ৰপন্থী সংগঠনৰ ৰকেট আক্ৰমণৰ ফলতে এই ঘটনা সংঘটিত হৈছে।

বিস্ফোৰণৰ পিছত ঘটনাস্থলীত এক বৃহৎ আৰক্ষী বাহিনীৰ দল উপস্থিত হৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ।শনিবাৰে পুৱতি নিশাৰ পৰা সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত ৰকেট লঞ্চাৰৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰা হৈছে বুলি সন্দেহ কৰা হৈছে ৷

ঘটনাস্থলীত ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ এই আক্ৰমণৰ লগত খালিস্তানী উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ চোৰাংচোৱাৰ তথ্য অনুসৰি, আক্ৰমণকাৰীসকলে ড্ৰোনৰ সহায়ত পাকিস্তানৰ পৰা আৰপিজিএল (ৰকেট প্ৰপেলেড গ্ৰেনেড লঞ্চাৰ) আনিছিল। এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments