Tuesday, July 8, 2025
Homeঅসমউৰিয়াগাঁও খেলপথাৰত ১৬ দিনীয়া গ্ৰীষ্মকালীন এথলেটিকছ প্রশিক্ষন শিবিৰৰ সামৰণি

উৰিয়াগাঁও খেলপথাৰত ১৬ দিনীয়া গ্ৰীষ্মকালীন এথলেটিকছ প্রশিক্ষন শিবিৰৰ সামৰণি

বঢ়মপুৰ, ১৯জুলাই: নগাঁও জিলাৰ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত উৰিয়া গাঁও খেলপথাৰত যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা ১৬ দিনীয়া গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰিছে।উক্ত অনুষ্ঠানটো উদ্ধোধন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই।

উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সদস্য প্ৰবোধ কুমাৰ বৰা আৰু জিতুমনি বৰাই আঁত ধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ন বনিয়াই সংগ্ৰামৰ জৰিয়তে উৰিয়া গাঁও খেলপথাৰখন কেনেকৈ পুনৰজীৱিত কৰা হ’ল,সেই সম্পৰ্কে বহলাই কয়।ভাষণ প্ৰসংগত সমাজকৰ্মী বনিয়াই উক্ত প্ৰশিক্ষন শিবিৰৰ পৰাই ভৱিষ্যতে বহু ভাল খেলুৱৈ ওলাই অহাৰ সম্ভাৱনা আছে বুলি তেওঁ আশা প্ৰকাশ কৰে।এই প্ৰশিক্ষণ শিবিৰত দৌৰ ,ওৱেট থ্র’,জেবেলিন থ্র’, লংজাম্প,হাইজাম্প,ডি কাছ থ্র’ প্ৰশিক্ষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত প্রশিক্ষক ৰাজু দৈমাৰী
,নয়ন জ্যোতি বৰা আৰু নেহামনি বৰাই।উক্ত ছয়বিধ খেলত উন্নত প্ৰদৰ্শন দেখুওৱা প্ৰথম,দ্বিতীয়,তৃতীয় শ্ৰেষ্ঠ খেলুৱৈসকলক সোন,ৰূপ বঞ্জৰ পদকৰে উৰিয়া গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়।

সামৰণি অনুষ্ঠানত উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি ৰূপৰাম হাজৰিকা,সম্পাদক প্ৰভাত বৰা,মলোৰাম শইকীয়া,পদুম বৰুৱা প্ৰমুখ্যে প্ৰশিক্ষাৰ্থী,অভিভাৱকক সকল উপস্থিত থাকে।উল্লেখযোগ্য যে,উক্ত শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰায় শতাধিক প্রশিক্ষাৰ্থীক নগাঁও ক্ৰীড়া সন্থাই বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments