Saturday, May 31, 2025
Homeঅসম২৫০ গৰাকী সৈনিকক মুকলাই নিদিলে স্তব্ধ কৰি দিয়া হ'ব উজনি অসম

২৫০ গৰাকী সৈনিকক মুকলাই নিদিলে স্তব্ধ কৰি দিয়া হ’ব উজনি অসম

দুলীয়াজান, ২৩মে’: দুলীয়াজান বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমৰ প্ৰতিবাদ। অহা ২৪ ঘন্টা ভিতৰত শৃংখল চলিহা সহ আজি আটক কৰা ২৫০ গৰাকী সৈনিকক মুকলাই নিদিলে স্তব্ধ কৰি দিয়া হব উজনি অসম।

আৰক্ষীৰ ১৪ খনকৈ বেৰিগেটত ধূলি দি দুলীয়াজানত উপস্থিত হল বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম। এগৰাকী অচিয়ে শৃংখল চলিহাক ভয় ভাবুকি দিয়াৰ বাবে শুক্ৰবাৰৰ বন্ধটো ২৪ ঘন্টালৈ ৰূপায়ন কৰা হল। উল্লেখযোগ্য শুক্ৰবাৰে দুলীয়াজান আৰক্ষীয়ে ২৫০ গৰাকী সৈনিক আটক কৰাক কেন্দ্ৰ কৰি জাতি মাটি ভেটি কথা কোৱা চৰকাৰ খনে খিলঞ্জীয়া লোক সকলক হাতত হেণ্ডকাফ লগাই জেললৈ প্ৰেৰণ কৰিছে বুলি তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সচিব গৰাকীয়ে ।এই খন চৰকাৰৰ আৰক্ষী অসম পুলিচ নে বিহাৰ পুলিচ যদিহে অসম পুলিচ হয় তেন্তে অসমীয়াৰ প্ৰতি অলপ হলেও আৱেগ থাকিল হয় বুলি প্ৰশ্ন কৰে। সেয়েহে অনতি পলমে শৃংখল চলিহা সহ ২৫০ গৰাকী সৈনিকক মুক্তি নিদিয়ে তেন্তে অনাগত সময়ত উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে। ইফালে বি এন সিংৰ ডিপো লিজত লোৱা তনু স্বাহীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হব বুলি বিকাশ অসমে জানিবলৈ দিয়ে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments