Thursday, November 7, 2024
Homeঅসম৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অষ্টম পূৰ্বৰঙ্গ ৰাষ্ট্ৰীয় নাট সমাৰোহ

৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অষ্টম পূৰ্বৰঙ্গ ৰাষ্ট্ৰীয় নাট সমাৰোহ

ডিজিটেল ডেস্ক, Anews24×7: ৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অষ্টম পূৰ্বৰঙ্গ ৰাষ্ট্ৰীয় নাট সমাৰোহ। পূৰ্বৰঙ্গৰ দ্বাৰা আয়োজন কৰা হৈছে এই সমাৰোহ।পূৰ্বৰঙ্গ হৈছে এক অনুষ্ঠান, যি অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ৫ ডিচেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই সমাৰোহ।

এই পূৰ্বৰঙ্গ নাট সমাৰোহত সবৰ্মুঠ ৯ খন নাটক মঞ্চস্থ কৰা হ’ব। নুনমাটিস্থিত আনন্দ নগৰৰ পূৰ্ণাংগ থিয়েটাৰ ভৱনত অনুষ্ঠিত হ’ব এই নাট সমাৰোহ। প্ৰত্যেকদিনাই সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব নাটক সমূহ। এই নাট সমাৰোহত অংশগ্ৰহণ কৰিব বিহাৰ, উৰিষ্যা,হিমাচল প্ৰদেশ আৰু পশ্চিম বংগৰ নাট্য দলে।

অসমৰ পৰা ৪ খন নাটক এই সমাৰোহত প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে নাট সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে নৃত্যাচাৰ্য যতীন গোস্বামী, সেউজপ্ৰিয়া গোস্বামী, প্ৰাঞ্জল শইকীয়াৰ, গুণাকৰ দেৱ গোস্বামী, নয়ন প্ৰসাদ আৰু মইনুল হকৰ লগতে বহু নৃত্য আৰু নাট্য শিল্পী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments