গোলাঘাট, ২৭জুলাই: ৰাজ্যৰ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে একপ্ৰকাৰ টঙালি বান্ধিছে আম আদমী পাৰ্টিয়ে ৷ মিত্ৰতাৰ বিপৰীতে দুয়োটা নিৰ্বাচনতেই আপে অকলেই নিৰ্বাচন খেলাৰ চিন্তাচৰ্চা ৷ গোলাঘাটৰ প্ৰগতি চ’ৰাত অনুস্থিত হোৱা জিলা কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই বিজেপিৰ লগতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷
বিজেপি আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি উল্লেখ কৰি অসমৰ জনসাধাৰণৰ দুয়োটা দলৰ বিকল্প বিচৰিছে বুলি উল্লেখ কৰে ৷ নেতাগৰাকীয়ে উল্লেখ কৰে বৰ্তমান চৰকাৰখনে বানপানীৰ সমস্যাটোৰ প্ৰতি পিঠি দি বাৰিষা ৰ সময়ত মাথাউৰি নিৰ্মাণ কৰে ৷ আগন্তুক দিনত ৰাজ্যৰ প্ৰতিখন জিলাত আপে সাধাৰণ ৰাইজৰ সৈতে মতবিনিময় কৰি দলটো শক্তিশালী কৰিবৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ কথা উল্লেখ কৰে ৷
এই সন্মিলনত ৰাজেশ শৰ্মাৰ লগতে আপৰ কেন্দ্ৰীয় নেতা ৰাজীৱ শইকীয়া আৰু ৰমেন বৰঠাকুৰ উপস্থিত থাকি জিলা কৰ্মকৰ্তাসকলৰ লগত মতবিনিময় কৰে ৷