Monday, January 19, 2026
Homeঅসম১৬ জানুৱাৰীৰ আছাৰ ৰে’ল ৰখো জে’ল ভৰো কায্যসূচী সামূহিক ভাবে স্থগিত

১৬ জানুৱাৰীৰ আছাৰ ৰে’ল ৰখো জে’ল ভৰো কায্যসূচী সামূহিক ভাবে স্থগিত

অসমৰ আদিবাসী উৰাং মুণ্ডা চাওতাল কল ভীল কয়া প্ৰজা চাওৰা গড় আদি জাতি সমূহক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ১৬ জানুৱাৰীত ১২ ঘণ্টীয়া ৰে’ল ৰখো জে’ল ৰখো কায্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই কায্যসূচী সফল ৰূপায়ণ কৰিবলৈ ৰাজ্যজুৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিল ৷

কিন্তু আজি অসম চৰকাৰৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ আলোচনা কৰাৰ বাবে ইতিমধ্যে প্ৰত্ৰ প্ৰেৰণ কৰি আলোচনা মজিয়াত আমন্ত্ৰণ জনোৱাৰ বাবে সংগঠনটোৱে ১২ ঘণ্টীয়া ৰে’ল ৰেখ জে’ল ভৰো অৰ্থাৎ ৰেলপথ অৱৰোধ কায্যসূচী সামূহিক ভাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আছাৰ সভাপতি ৰেজান হৰো আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷

চৰকাৰৰ আলোচনা বিফল হলে ৰে’ল ৰখো জে’ল ভৰো কায্যসূচী কায্যসূচী বাহল ৰাখি অন্য এটা দিনত সফল ৰূপায়ণ কৰিবলৈ সংগঠনটো বদ্ধপৰিক ৷ ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ আগত যদি বিজেপি চৰকাৰখনে আদিবাসী সকলক জনজাতিকৰণ নকৰে তেন্তে আদিবাসী গাও বাগিছা অঞ্চলত বিজেপিৰ প্ৰবেশ নিষিদ্ধ কৰি বিজেপিক উৎসাৎ কৰা হব বুলি সভাপতি সম্পাদকে জানিবলৈ দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments