ডিজিটেল ডেস্ক, anews24x7: সমষ্টি পুনৰ নিৰ্ধাৰনৰ ক্ষেত্ৰত আছুৰ সন্দেহজনক স্থিতিক লৈ একাংশ বুদ্ধিজীৱীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক শংকৰ জ্যোতি বৰুৱাই । অসম চুক্তি স্বাক্ষৰকাৰী ,বিশিষ্ট বুদ্ধিজীৱী বসন্ত ডেকাই নিৰ্বাচনী আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰনৰ বিষয়ত আছুৰ স্থিতি সন্দেহজনক বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছু নেতা শংকৰ জ্যোতি বৰুৱাই কয় যে বসন্ত ডেকাই কৰা মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শৰ লগত মিল নাই । এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি বসন্ত ডেকাই এনেধৰনৰ মন্তব্য কৰা বুলি কয় আছু নেতা গৰাকীয়ে ।
ইফালে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইৰ আদৰ্শৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শৰ মিল নাই বুলি কলে আছু নেতা গৰাকীয়ে ।
বুদ্ধিজীৱী নগেন শইকীয়াই আছুৰ স্থিতিৰ ওপৰত কৰা মন্তব্যৰ বিষয়ে তেখেতৰ লগত আলোচনাত বহিব বুলি কলে আছু নেতা শংকৰজ্যোতি বৰুৱাই ।
আনফালে মনিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ ওপৰত শীঘ্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি ,নেছৰ প্ৰতিনিধিৰ দল মনিপুৰলৈ গৈ মনিপুৰ ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে আছু নেতা গৰাকীয়ে । মনিপুৰ ঘটনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ,ৰাজ্য চৰকাৰ আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ কৰি ইয়াত এই ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি কলে আছু নেতা গৰাকীয়ে ।
উত্তৰপূৰ্বঞ্চল যে ভাৰতৰ এটা অংগ সেই কথা কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে পাহৰি যায় বুলি উল্লেখ কৰি ৰাজনৈতিক ব্যৱধান পৰিহাৰ কৰি মানুহ হিচাপে গন্য কৰি সমস্যাটো সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাই ।
আনহাতে নামৰূপ সাৰ কাখানাক লৈ সদৌ অসম ছাত্ৰ সন্থাই ২০০৫ চনৰ পৰা মাত মাতি আহিছে । নামৰূপ সাৰ কাৰখানা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ উদ্যোগ আৰু কৃষি খণ্ডৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠান টো জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব থকাৰ কথা কলে আছু নেতা গৰাকীয়ে । আছুৱে এই বিষয়ত মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মন্তব্য কৰে আছু নেতা গৰাকীয়ে ।
বিটিচি অঞ্চলৰ অনাবড়ো লোক সকলে যাতে ভুমি ,শিক্ষা, ৰাজনৈতিক আদি সকলো অধিকাৰৰ পৰা বঞ্চিত নহয় সেই কথা বি টি আৰৰ চীফ প্ৰমোদ বড়োৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে আলোচনা কৰাৰ কথা ব্যক্ত কৰে ।
