Wednesday, March 11, 2026
Homeঅসমসলনি হ’ব ৰাজভৱনৰ ঠিকনা

সলনি হ’ব ৰাজভৱনৰ ঠিকনা

ডিজিটেল ডেস্ক, ANEW24X7: সলনি হ’ব ৰাজভৱনৰ ঠিকনা ৷ মহানগৰীৰ খাৰঘুলিত ৰাজ্যপালৰ বাবে নিৰ্মাণ কৰা হ’ব ৰাজ নিবাস ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন আৰু শিলান্যাস কৰে ৷

ৰাজ্যপাল জগদীশ মুখী আৰু তেওঁৰ পত্নি প্ৰেমা মুখীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰে ৷ ৪১.৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব নতুন ৰাজ ভৱন ৷

অহা ১৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব নতুন ৰাজভৱনৰ ৷ নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই ৰাজ নিবাসে সামৰি ল’ব ৯৬৩১ বৰ্গমিটাৰ ভূমি ৷ শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস , লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী আৰু ৰাজ্যপালৰ আয়ুক্ত সচিব এছ এছ মীনাক্ষি সুন্দৰম ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments