ডিজিটেল ডেস্ক, ANEWS24X7: বিষাক্ত হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীৰ বায়ু মণ্ডল ৷ প্ৰদূৰ্ষণৰ ফলত নিম্নগামী হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড ৷ শুক্ৰবাৰে ৰাতিপুৱালৈকে দেশৰ ৰাজধানীৰ বায়ুৰ মানদণ্ডৰ সূচক ৪৫৩লৈ নিম্নগামী হৈছে ৷ বৰ্তমান দিল্লীৰ শীত-তাপ নিয়ন্ত্ৰণৰ অৱস্থা অতিকৈ ভয়ানক ৷ বৰ্তমান দিল্লীৰ বায়ুমণ্ডল উশাহ লোৱাৰ বাবেও উপযুক্ত নহয় ৷
এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে সাজু হৈছে দিল্লী প্ৰশাসন ৷ বায়ুৰ মানদণ্ড অৱনতি হোৱাৰ বাবে দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ শনিবাৰৰ পৰা বন্ধ ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন পাঠ্যক্ৰম আৰম্ভ হʼব।
দিল্লীৰ চুবুৰীয়া চহৰ নয়ডাৰ বিদ্যালয়সমূহ ৮ নৱেম্বৰলৈকে অনলাইন শ্ৰেণী অনুষ্ঠিত কৰা হ’ব ৷ শুক্ৰবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷