সদৌ অসম ট্ৰাইবেল সংঘৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ২ আগষ্ট ২০২৫ তাৰিখে ষষ্ঠ অনুসূচি আৰু ট্ৰাইৰেল বেল্ট/ব্লক সন্দৰ্ৰ্ভত কৰা মন্তব্যৰ স্পষ্টীকৰণ দাঙি ধৰিছে। তেখেতে স্পষ্ট কৰিছে যে ষষ্ঠ অনুসূচি আৰু ট্ৰাইবেল বেল্ট/ব্লকৰ আইন সন্দৰ্ভত কোনো ধৰণৰ বিৰূপ বা জনজাতি বিৰোধি মন্তব্য প্ৰকাশ কৰা নাছিল।
তেখেতে আৰু কৈছে যে ষষ্ঠ অনুসূচি আৰু ট্ৰাইবেল বেল্ট/ব্লকৰ আইন বাহাল থাকিব।গতিকে এই বিতৰ্ক ইয়াতেই সমাপ্ত কৰিব লাগে আৰু তেঁওৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ সংঘক আহ্বান জনাইছে।
তেখেতৰ আহ্বানৰ প্ৰতি সহাৰি জনাই সদৌ অসম ট্ৰাইবেল সংঘই জনজাতি অধ্যুষিত এলেকাত দিলীপ শইকীয়াক বৰ্জন কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।
