Tuesday, March 10, 2026
Homeঅসমঅৱশেষত গ্ৰেপ্তাৰ হ’লে এম্বুলেঞ্চৰ চালক ৰেকিবুদ্দিনক

অৱশেষত গ্ৰেপ্তাৰ হ’লে এম্বুলেঞ্চৰ চালক ৰেকিবুদ্দিনক

অৱশেষত গ্ৰেপ্তাৰ ১০৮ এম্বুলেঞ্চৰ চালক ৰেকিবুদ্দিন আহমেদ। ৰঙিয়াত আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল ৰেকিবুদ্দিন আহমেদ। আজি CJM আদালতত হাজিৰ কৰোৱা হয় চালক ৰেকিবুদ্দিনক। আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰা নাই চালক ৰেকিবুদ্দিনক। জানিব পৰা অনুসৰি আজি আদালতে জে’ললৈ প্ৰেৰণ কৰিব চালক ৰেকিবুদ্দিনক। লুনা ভৰদ্বাজৰ মৃত্যুৰ পিছতেই পৰিয়ালে দাখিল কৰিছিল এজাহাৰ।

দুৰ্ঘটনাত আহত অচ্যুত আৰু শম্ভূৰ পৰিয়ালেও দাখিল কৰিছিল এজাহাৰ। FIRৰ ভিত্তিত দিছপুৰ যানবাহন আৰক্ষীয়ে সন্নিবিষ্ট কৰিছিল BNSৰ ১০৫ ধাৰা। অনিচ্ছাকৃত হত্যাকাণ্ডৰ ধাৰাৰ অধীনত আদালতত হাজিৰ কৰোৱা ৰেকিবুদ্দিনক।

উল্লেখ্য যে ঘটনাৰ এদিন পাছত আৰক্ষীক ধৰা দিছিল ৰেকিবুদ্দিনে। দুৰ্ঘটনাৰ পাছত অভিযোগ উঠিছিল ১০৮ এম্বুলেন্সখন ৰেকিবুদ্দিনে সুৰাপান কৰি চলাইছিলI যাৰ বাবে স্বাস্থ্য পৰীক্ষাত ৰেকিবুদ্দিনৰ শৰীৰত ধৰা পৰা নাই সুৰাৰ অৱস্থিতি। আনহাতে বাহনখনৰ ব্ৰেক ফেইল সন্দৰ্ভত MVIৰ দ্বাৰা পৰীক্ষা কৰাব আৰক্ষীয়ে। ৰহস্যজনকভাৱে ১২ ঘণ্টাৰ পাছত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰে চালক ৰেকিবুদ্দিন আহমেদে। আনফালে লুনাৰ নিথৰ দেহ লৈ যোৱা হ’ল বঙাইগাঁৱৰ ঘৰখনলৈ। সৰস্বতী পূজাৰ আনন্দৰ মাজতে কাহিলীপাৰাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছিল।

দেৰগাঁৱৰ লুনাৰ বন্ধু অচ্যুৎ কৃষ্ণ বৰুৱাৰ সৈতে একেখন স্কুটীৰে নতুন চাকৰিৰ কিছু কামৰ বাবে গৈ আছিল লুনাI সেই সময়তে কাল অমানিশা হৈ আহিছিল ঘাতক ১০৮ এম্বুলেঞ্চখনI

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments