Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়অংকিতা ভাণ্ডাৰী হত্যাকাণ্ড গোচৰৰ শুনানী গ্ৰহণ কৰা হ’ব ফাষ্টট্ৰেক আদালতত

অংকিতা ভাণ্ডাৰী হত্যাকাণ্ড গোচৰৰ শুনানী গ্ৰহণ কৰা হ’ব ফাষ্টট্ৰেক আদালতত

ডিজিটেল ডেস্ক, ANEWS24X7: অংকিতা ভাণ্ডাৰী হত্যাকাণ্ড গোচৰৰ শুনানী গ্ৰহণ কৰা হ’ব ফাষ্ট ট্ৰেক আদালতত৷অংকিতা ভাণ্ডাৰীৰ পৰিয়াললৈ ২৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷

এই কথা ঘোষণা কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে৷অংকিতাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত উত্তৰাখণ্ড আৰক্ষীয়ে ইতিমধ্যে বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যকে ধৰি অন্য তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে পুলকিত আৰ্যৰ ঋষিকেশস্থিত ৰিজৰ্টত চাকৰি কৰিছিল আংকিতা ভাণ্ডাৰীয়ে৷অভিযোগ অনুসৰি অংকিতাক ৰিজৰ্টলৈ অহা অতিথি সকলৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হ’বলৈ হেঁচা প্ৰদান কৰা হৈছিল৷এনে কৰিবলৈ মান্তি নোহোৱাত পানীত পেলাই হত্যা কৰা হৈছিল অংকিতাক ৷

এই অভিযোগ উত্থাপন হোৱাৰ লগে লগে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়৷ইয়াৰ পিছতে বিজেপি দলৰ পৰা বহিষ্কাৰ কৰা হয় অভিযুক্ত পুলকিত আৰ্যৰ পিতৃ বিনোদ আৰ্য আৰু তেওঁৰ ককাক অংকিত আৰ্যক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments