ডিজিটেল ডেস্ক, ২৭জুনঃ অসমবাসীৰ বাবে এটা সুখবৰ যে যোৱা ২৬ জুলাইত কলিকতা চহৰত অনুষ্ঠিত হোৱা FFJ অৰ্থাৎ ফিল্ম ফেষ্টিভেল জাংচন ৰ দ্বাৰা আয়োজিত Amader International film festival ত JRM production ৰ বেনাৰত ৰুণা লাইলাৰ দ্বাৰা প্ৰযোজিত আৰু তেখেতৰেই কাহিনীৰ আধাৰত অসীম হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰ্ট বোলছবি “পিঞ্জৰা”ই প্ৰায় ১০০০ খন ছবিৰ ভিতৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী এই তিনিওটা শাখাত পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
জাপান, শ্ৰীলংকা , বাংলাদেশৰ দৰে বিদেশী ৰাষ্ট্ৰৰ ছবিয়েও অংশগ্ৰহণ কৰা অনুষ্ঠানটিত এই বিৰল সন্মান লাভ কৰাটো এটি গৌৰৱৰ কথা। ছবিখনত বঁটা প্ৰাপ্ত সহঃ অভিনেত্ৰীৰ চৰিত্ৰটোত অভিনয় কৰিছে বন্দনা বৰুৱাই। অসমীয়া ছবি জগতৰ মহিৰূহ নিপন গোস্বামী দেৱৰ এইখন আছিল শেষৰ খন ছবি। ছবিখনত প্ৰবীণ নায়িকা বিদ্যা ৰাও ৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী কিনকিনি ভট্টাচাৰ্য, উদয়ন দুৱৰা, চিমি ৰীয়ান, তুহিন কন্যা, ড: জয় বৰা,শিশু শিল্পী পৰ্নিকাৰ দৰে বহু অভিনেতা অভিনেত্ৰীয়ে ।
উপহাৰ গ্ৰহণ কৰি উৎফুল্লিত হৈ কাহিনীকাৰ তথা প্ৰযোজক ৰুণা লাইলাই কয় যে, সতীয়া মাক আৰু পবিত্ৰ বন্ধুত্বৰ এটি ব্যতিক্ৰমী ৰূপ দাঙি ধৰা ছবিখনক লৈ তেখেত যথেষ্ট আশাবাদী। ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে খুব ভাল কাম কৰিছে আৰু দেশ বিদেশৰ বিভিন্ন প্ৰতিযোগিতাত আৰু কেইবাটাও বিভাগত সন্মান লাভ কৰাৰ সম্পূৰ্ণ আশা আছে।