Tuesday, March 10, 2026
Homeঅসমযোৰহাটৰ ৰাজেশ বৰদলৈক আন্তঃৰাষ্ট্ৰীয় ,,দ্য আৰ্ট অৱ লিভিং "ৰ শ্ৰী...

যোৰহাটৰ ৰাজেশ বৰদলৈক আন্তঃৰাষ্ট্ৰীয় ,,দ্য আৰ্ট অৱ লিভিং “ৰ শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যামন্দিৰ ন্যাসৰ শৈক্ষিক বঁটা প্ৰদান।

যোৰহাটৰ ৰাজেশ বৰদলৈক আন্তঃৰাষ্ট্ৰীয় ,,দ্য আৰ্ট অৱ লিভিং “ৰ
শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যামন্দিৰ ন্যায়শৰ শৈক্ষিক
বঁটা প্ৰদান।
ৰাজেশ বৰদলৈ যোৰহাটৰ
আদৰ্শ ট্টাইৱেল উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষকতাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক সকলক লগত লৈ সমাজক শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ বাবে এই বঁটা প্ৰদান।

১৯৮১ চনত গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰে প্ৰতিষ্ঠা কৰা এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিস্থান। এই প্ৰতিস্থানৰ অন্তৰ্গত এক শৈক্ষিক ন্যাস হৈছে SSRVM , এই ন্যাসে প্ৰতি বছৰে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভাৱে বৰঙণি আগবঢ়োৱা শৈক্ষিক প্ৰতিষ্ঠান আৰু শিক্ষক- শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰি আহিছে । এই ক্ষেত্ৰত ভাৰতৰ চাৰিটা মণ্ডলৰ পৰা অৰ্থাৎ‌ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ মুঠ চাৰিজন শিক্ষক- শিক্ষয়িত্ৰীক পুৰস্কৃত কৰি আহিছে ।
অৱশ্যে এই ক্ষেত্ৰত Self Nomination গ্ৰহণ নকৰে , আপোনাৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে জনা এজন অভিজ্ঞতাসম্পন্ন Nominator য়ে সকলো তথ্য অনলাইন মাধ্যমেৰে প্ৰেৰণ কৰিব লাগে ।
অক্টোবৰ মাহৰ পৰা চলা এই মণ্ডল ( Zone ) ভিত্তিক শিক্ষক নিৰ্বাচনৰ বাবে এই বছৰ জানুৱাৰী মাহৰ ৩ তাৰিখে পাচঁ জনীয়া এক সমিতিয়ে ব্যক্তিগত অনলাইন সাক্ষাৎকাৰত অনুষ্ঠিত কৰে আৰু যোৱা ১৪ জানুৱাৰী তাৰিখে ফলাফল ঘোষণা কৰে, আৰু সমগ্ৰ ভাৰতৰ পূৰ্ব মণ্ডলৰ ৰাজ্যসমূহৰ ভিতৰত নিৰ্বাচন কৰে, এই বঁটাত মানপত্ৰ, এটি স্মাৰক, এখন আৰ্ট অৱ লিভিং‌ৰ চাদৰ, কিতাপৰ টোপোলাৰ , লগতে নগদ ধন আগবঢ়াই ।
জানুৱাৰী মাহৰ ২৫ তাৰিখে বাংগালোৰত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূণ অনুষ্ঠানত গুৰুদেৱ ৰবি শংকৰ, কৰ্ণাটকৰ মূখ্য ন্যায়াধীশ , চৰকাৰৰ বিষয় বৱীয়াৰ লগতে , CBSE মুখ্য বিষয়াসকল উপস্থিত থাকে ।
ইয়াৰ লগতে বুজাব নোৱাৰা এটি অনুভূতি হ’ল যে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আধ্যাত্মিক গুৰু গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰ দেৱৰ লগত ২৪ জানুৱাৰী সন্ধিয়া আয়োজন কৰা আমাৰ এক আচুতীয়া সাক্ষাৎকাৰ । তাৰ লগতে ২৪ জানুৱাৰী বিয়লি বেলা হোৱা SSRVM শৈক্ষিক ন্যাসৰ সদস্য সদস্যা সকলৰ লগত হোৱা সৌহার্দ্যপূর্ণ সাক্ষাৎকাৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments