ডিজিটেল ডেস্ক, ANEWS24X7: এতিয়াৰে পৰা গোচৰ দিবলৈ যাব নালাগে থানালৈ। ঘৰত বহিয়ে এজাহাৰ দাখিল কৰিব পাৰিব।
আজি মুকলি হ’ল অসম আৰক্ষী সেৱা সেতু এপ৷ খানাপাৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে এই এপ৷
অসম আৰক্ষী আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল)ৰ যৌথভাৱে প্ৰস্তুত কৰা এই এপটোৱে থানালৈ নোযোৱাকৈয়ে এফআইআৰ, নিৰুদ্দেশ হোৱা ব্যক্তিৰ অভিযোগ, ভাড়াতীয়াৰ পৰীক্ষণ আদিৰ লগতে অন্যান্য বিষয়ত দাখিল কৰিব পাৰিব।