Sunday, July 6, 2025
Homeঅসমত্রয়োদশ দিনাও উত্তপ্ত বিধানসভাৰ মজিয়া

ত্রয়োদশ দিনাও উত্তপ্ত বিধানসভাৰ মজিয়া

ডিজিটেল ডেস্ক, A NEWS 24×7: ১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে ত্রয়োদশ দিন। ত্রয়োদশ দিনাৰ বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰশ্নোত্তৰ কাল চলি থকাৰ সময়তে উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া। অসম চুক্তিক লৈ বুধবাৰে অসম বিধানসভাত প্ৰশ্ন কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

মৌখিক প্ৰশ্নৰ উত্তৰৰ পিছত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিভাগীয় মন্ত্ৰী অতুল বৰাই দোষাৰোপ কৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক ৷

অসম চুক্তি কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল আৰু কংগ্ৰেছ চৰকাৰে অসম চুক্তি ৰূপায়ণ নকৰিলে বুলি সদনত মন্ত্ৰী অতুল বৰাই উত্তৰ দিবলৈ চেষ্টা কৰোতেই বিৰোধী কংগ্ৰেছ জাঙুৰ খাই উঠে ৷ বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে বৰ্তমানৰ চৰকাৰে কি পদক্ষেপ লৈছে বুলি প্ৰশ্ন কৰি সদন উত্তাল কৰি তোলে ৷

https://fb.watch/jI-1qd86aI/

বিভাগীয় মন্ত্ৰী অতুল বৰাই কয় যে বৰ্তমানৰ চৰকাৰে অসম চুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৬নং দফাৰ ৰূপায়ণৰ বাবে গঠন কৰা সমিতিৰ ৰিপ’ৰ্টৰ ওপৰতো পৰ্যালোচনা কৰি আছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments