শিৱসাগৰ, ১৪ছেপ্তেম্বৰ: উজনিৰ পৰা পমুৱা মুছলমান লোকক উজনিৰ পৰা বিতাড়ণ কৰাৰ ক্ষেত্ৰত আটছুৱে স্পষ্ট কৰিলে নিজৰ স্থিতি। এইক্ষেত্ৰত ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে কোনো কাৰণতে উজনি অসমত সন্দেহযুক্ত মিঞা লোকক থাকিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰাৰ লগতে এই লোকসকলক উজনিৰ পৰা বিতাড়ণ কৰাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব সংগঠনটোৱে স্পষ্ট মত প্ৰকাশ কৰিছে।
অবৈধ পমুৱা মুছলমানে গ্ৰাস কৰিছে সমগ্ৰ অসম।
উজনি অসমক পমুৱা মুছলমানৰ পৰা মুক্ত কৰাৰ বাবে আটাছুৱে সংগ্ৰাম অব্যাহত ৰাখিব।
এই স্থিতিৰে শিৱসাগৰত আটাছু নেতৃত্বৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰে আটাছুৰ কেন্দ্ৰীয় সভাপতি মিলন বৰগোহাঁই আৰু সম্পাদক ভাস্কৰ বৰগোহাঁইয়ে।
পমুৱা মুছলমানক বিতাড়ণ কৰাৰ বাবে আটাছুৱে আৰম্ভ কৰা সংগ্ৰামক একপক্ষই স্তিমিত কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি মত আটাছু নেতৃত্বৰ।
আনহাতে, উজনিৰ ইটাভাটাসমূহত পমুৱা মুছলমানক নিয়োজিত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া। বহু ইটাভাটাত আৰু গৃহ নিৰ্মাণৰ কামত পমুৱা মুছলমান শ্ৰমিকক পুনৰবাৰ নিয়োগ কৰাৰ বাবে একাংশই কুচ কাৱাজ কৰা বুলি উল্লেখ কৰি সেই চক্ৰটোকো সঁকিয়নি প্ৰদান কৰি সংগঠনটোৱে কয়, কোনো কাৰণতে উজনিত পমুৱা মুছলমানক আহিবলৈ দিয়া নহ’ব, অন্যথা খণ্ডযুদ্ধত লিপ্ত হ’ব লাগিব বুলি মন্তব্য।
খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে অহা সোমবাৰৰ পৰা গাঁৱে গাঁৱে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ।
আটাছুৰ সম্পাদক ভাস্কৰ বৰগোহাঁইয়ে কয়, হিন্দুৱেই হওক বা মুছলমানেই হওক, অখিলঞ্জীয়া সকলোৰে প্ৰতি আটাছুৰ যি স্থিতি সদায় একেই থাকিব।
এই আন্দোলনক ধৰ্মীয়কৰণ কৰি ৰাজনৈতিক লাভালাভৰ অংকৰে এই আন্দোলনক স্তিমিত কৰিবলৈ চেষ্টা কৰা কোনো পক্ষকে সহ্য কৰা নহ’ব বুলিও হুংকাৰ সংগঠনটোৰ।
এন আৰ চিৰ শেষ প্ৰতিবেদন অনুসৰি ২০ লাখ অবৈধ বাংলাদেশী চিনাক্তকৰণ হোৱাৰ কথা উল্লেখ কৰি ভাস্কৰ বৰগোহাইয়ে কয় যে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে গণ্য কৰি বাংলাদেশী সকলোকে বিতাড়ণ কৰাৰ ব্যৱস্থা কৰক।
তাৰোপৰি ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বেই অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰো দাবী জনায় সংগঠনটোৱে।
এই লোকসমূহৰ স্থানত অসমীয়া থলুৱা লোকৰ নিযুক্তি সুনিশ্চিত কৰিবৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰ আৰু সমবায় স্থাপন কৰিব আটাছুৱে।
নগাঁৱৰ মাছৰ আমদানিৰ ক্ষেত্ৰটো সংগঠনটোৱে কয় যে ইউৰিয়াযুক্ত মাছ কোনোপধ্যেই উজনিত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব, দৰকাৰ হ’লে ৰাজপথতে এনে মাছ যোগানকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
খিলঞ্জীয়াৰ সংজ্ঞা সম্পৰ্কত চৰকাৰৰ স্থিতি সন্দৰ্ভতো সংগঠনটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনটোৱে।