Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়শান্তি আলোচনা ভংগ কৰিয়ে আক্ৰমণ

শান্তি আলোচনা ভংগ কৰিয়ে আক্ৰমণ

ডিজিটেল ডেস্ক, ANEWS24X7: শান্তি আলোচনা ভংগ কৰি পুনৰ যুদ্ধ ঘোষণা কৰাৰ ২৪ ঘন্টা নহওতে কুটাঘাত সংঘটিত কৰিলে তেহৰিক-ই-তালিবান পাকিস্তানে ৷ তেহৰিক-ই-তালিবান পাকিস্তানে এইবাৰ লক্ষ্য কৰি লৈছে আৰক্ষীৰ বাহন ৷ বুধবাৰে সন্ত্ৰাসবাদী সংগঠনটোৰ আত্মঘাতি বোমাৰুৱে বিস্ফোৰণ সংঘটিত কৰে এখন আৰক্ষীৰ বাহনত ৷

বিস্ফোৰণটোৰ ফলত এজন শিশুসহ এজন আৰক্ষীৰ লোক নিহত হৈছে ৷ আনহাতে ২০ জন আৰক্ষীসহ মুঠ ২৪ জন লোক আহত হৈছে ৷ বুধবাৰে পাকিস্তানৰ কোৱেটা প্ৰদেশৰ বালেলি অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা ৷

কোৱেটাৰ ডিআইজি গোলাম আজফাৰ মহেশৰে সংবাদ মাধ্যমৰ আগত কয় যে , ‘‘এইটো এটা আত্মঘাতি আক্ৰমণ আছিল ৷ আক্ৰমণকাৰীজনৰ মৃতদেহটো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ বিস্ফোৰণত নিহত হোৱা শিশুটোৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৷’’

বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে গাড়ীখন খাৱৈত পৰিছিল গৈ ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী , উদ্ধাৰকাৰী দল আৰু বোমা বিশেষজ্ঞৰ দল ঘটনাস্থলিত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ সমান্তৰালকে তদন্ত আৰম্ভ কৰে ৷ এই বিস্ফোৰণৰ ফলত আৰক্ষীৰ বাহনখনৰ লগতে আন কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয় ৷ আহত সকলক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে ৷ এই আত্মঘাতি বিস্ফোৰণৰ ঘটনাৰ দ্বায়িত্ব স্বিকাৰ কৰিছে তেহৰিক-ই-তালিবান পাকিস্তানে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments