সাহিত্যিক, গৱেশক তথা অসম সাহিত্য সভাৰ সভাপতি ড’ বসন্ত কুমাৰ গোস্বামীক আজি (দেওবাৰে) ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰা হয় ৷ পাহাৰ ভৈয়ামৰ ৰূপকাৰ, ৰংমিলিৰ হাঁহিৰ স্ৰষ্ট্ৰা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ উপজা দিন উপলক্ষে কাৰ্বি পাহাৰৰ চিংথুৰ প্ৰকাশনে প্ৰতি বছৰে অসমৰ জ্ঞানোজেষ্ঠ, কৰ্মোদমী তথা বৰণ্য ব্যক্তি সকলক উক্ত বঁটা প্ৰদান কৰি আহিছে ৷
২০২৬ বৰ্ষৰ বাৱে এই বঁটা আগবঢ়োৱা হৈছে সাহিত্যিক, গৱেশক তথা অসম সাহিত্য সভাৰ সভাপতি ড’ বসন্ত কুমাৰ গোস্বামীক ৷ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷ কাৰ্বি পৰম্পৰাগত জেকেট, কাৰ্বি মোনা, প‘হ জাম্বিলী আঠন,
স্মাৰকৰ লগতে নগদ মাননি ধন প্ৰদান কৰা হয় ৷ উল্লেখ্য, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশ্বজ্যোতি হাজৰিকাই সম্পাদনা কৰা ৰংবং তেৰাঙৰ ৰচনাৱলী উন্মোচন কৰা হয় ৷ লগতে স্থানীয় সাত গৰাকী লেখকৰ গ্ৰন্থও উন্মোচন কৰা হয় ৷ উল্লেখ্য, আজিৰ উক্ত অনুষ্ঠানটিত পদ্মশ্ৰী ৰংবং তেৰাং শাৰিৰীক অসুস্থতাৰ বাৱে উপস্থিত থাকিব নোৱাৰিলে ৷
আজিৰ উক্ত অনুষ্ঠানটিত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী জয়ন্ত বৰুৱা, অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিন, অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান দেবজিৎ বৰাৰ লগতে
গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷
