ডিজিটেল ডেস্ক, ANEWS24X7: আজি বলীউদৰ বাদশ্বাহ হিচাপে পৰিচিত শ্বাহৰুখ খানৰ জন্মদিন। ৫৭ বছৰীয়া হ’ল বাদশ্বাহ। বুধবাৰে শ্বাহৰুখ খানৰ ৫৭ সংখ্যক জন্মদিন উপলক্ষে ছুপাৰষ্টাৰ গৰাকীয়ে নিজৰ বাংলোৰ বাহিৰলৈ আহি অনুৰাগীক সম্ভাষণ জনায়। বিভিন্ন চহৰৰ পৰা অহা ষ্টাৰষ্ট্ৰক অনুৰাগীয়ে পুৱাৰ পৰাই শাৰী পাতি তাৰকাগৰাকীক নিজৰ বিশেষ ধৰণেৰে শুভেচ্ছা জনায়। বেলকনিৰ পৰা অনুৰাগীৰ সৈতে চেলফিও তুলিছিল।
বাদশ্বাহ সৈতে তেওঁৰ ৯ বছৰীয়া পুত্ৰ আবৰাহামও আছিল। বেলকনিত থিয় হৈ দেউতাকৰ অনুৰাগীক হাত জোকাৰি সম্ভাষণ জনাইছিল আবৰাহামে। জন্মদিনৰ দিনাই পাঠানৰ টিজাৰো মুকলি কৰিলে শ্বাহৰুখ খানে। ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চাৰ মাজতে কিং খানে জন্মদিনত উন্মোচন কৰিলে টিজাৰটো।
চাৰি বছৰৰ বিশ্ৰাম লোৱাৰ পিছত, এছ.আৰ.কে. তেওঁৰ জন্মদিন আৰু আগন্তুক নতুন বছৰটোত কমেও তিনিখন নতুন ছবিৰ মুক্তিৰ সৈতে আৰম্ভ কৰিবলৈ সাজু হৈছে । সেইকেইখন হৈছে পাঠান, জোৱান আৰু ডাঙ্কি।